ওৰাংঃ জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধকৰ বিৰুদ্ধে উৰাবাতৰি প্ৰচাৰ হোৱাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওৰাঙৰ নিকটৱৰ্তী সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ব্যাপক প্ৰভাৱ পৰিছিল৷ উৰাবাতৰিৰ পিছৰে পৰা অভিভাৱকে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়লৈ পঠিওৱা নাছিল।
জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাত চিকিৎসা কৰ্মীসকলে গাঁৱলৈ যাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে সংখ্যালঘু লৰা-ছোৱালীয়ে বিদ্যালয়লৈ অহা নাছিল৷ এনে এক পৰিস্থিতি সত্বেও সকলো বাধা অতিক্ৰমি প্ৰতিদিনে বিদ্যালয়লৈ আহিছিল ৫গৰাকী ছাত্ৰী।