ডিজিটেল ডেস্কঃ জাল্লিকাট্টু ইছ্যুৰ জৰিয়তে জাতীয়তাবাদ কি সেয়া দেশবাসীক দেখুৱাই দিছিল তামিলসকলে। এইবাৰ সেই পথেৰেই অগ্ৰসৰ হৈছে কৰ্ণাটক।

যিসময়ত অসমত অসমীয়াসকলে পৰিৱৰ্তনৰ নামত জাতীয়তাবাদ পাহৰি ৰাষ্ট্ৰীয়তাবাদক বিনা বাক্য ব্যায়ে আকোৱালি লৈছে সেই সময়তে কৰ্ণাটকৰ কানাড়াসকলৰ হৃদয়ত উথলি উঠিছে জাতিপ্ৰেম।

এই অনুযায়ী তেওঁলোকে আৰম্ভ কৰিছে নতুন আন্দোলন। এই আন্দোলনত তেওঁলোকৰ দাবী যে বাংগালুৰুৰ প্ৰতিজন বেংক কৰ্মচাৰীয়ে কানাড়া ভাষা শিকিবই লাগিব। 'হয় ৬ মাহত কানাড়া শিকক, নহ’লে চাকৰি এৰি দিয়ক’-এই শ্লগানেৰে বাংগালুৰুৰ আকাশ-বতাহ কপাই তুলিছে কৰ্ণাটকৰ স্থানীয় লোকসকলে।

বাংগালুৰুৰ কানাড়া সংগঠন কৰ্ণাটক ৰক্ষণ বেদিকা (KRV)ই ইতিমধ্যে কৰ্ণাটকৰ সকলো বেংকৰ সমুখতে ধৰ্ণা-আন্দোলন আৰম্ভ কৰিছে। এই আন্দোলনৰ সূত্ৰপাত ঘটে এটি ঘটনাক কেন্দ্ৰ কৰি।

প্ৰকাশিত বাতৰি মতে, মাণ্ডিয়াত এটি বেংকত স্থানীয় কানাড়াভাষী গ্ৰাহকৰ সৈতে কথা ক’ব পৰা নাছিল এজন বেংক কৰ্মচাৰীয়ে। বেংক কৰ্মচাৰীজনে গ্ৰাহকজনক কৈছিল, আপুনি হিন্দী শিকক তাৰ পিছত বেংকলৈ আহিব।

এই ঘটনাৰ পিছতে সমগ্ৰ ৰাজ্যখনতে আন্দোলন গঢ়ি তোলে কে আৰ ভিয়ে। ৰাজ্যৰ প্ৰতিটো বেংকৰ সমুখতে ধৰ্ণা প্ৰদৰ্শন কৰি তেওঁলোকে দাবী তোলে যে বেংক কৰ্মীসকলে ৬ মাহৰ ভিতৰত কানাড়া ভাষা শিকিবই লাগিব। যদি শিকিব নোৱাৰে তেন্তে চাকৰি এৰি যাবই লাগিব বুলি স্পষ্ট ভাষাৰে সকীয়াই দিয়ে। 

সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংকৰ বাংগালুৰুৰ এটি শাখাৰ মেনেজাৰ বাসুদেৱ আদিগাই কয়, 'আমি সকলো সময়তে আমাৰ কৰ্মচাৰীসকলক কানাড়া ভাষা ব্যৱহাৰ কৰিবলৈ উৎসাহ দিও। যিসকলে কানাড়া লিখিব আৰু ক’ব নাজানে, তেওঁলোকক চাকৰি দিয়া নহয়।’

কৰ্ণাটকৰ জাতীয়তাবাদী সংগঠনটোৰ দাবী যে কেৱল ক্লাৰ্ক সকলেই নহয়, বেংকৰ ছিনিয়ৰ অফিচাৰসকলেও কানাড়া ভাষা ক’ব আৰু লিখিবলৈ শিকিব লাগিব। কোনো বেংকতে কোনো কাৰণতে হিন্দী ভাষা কোৱাতো মানি লোৱা নহ’ব বুলিও স্পষ্ট কৰি দিয়ে সংগঠনটোৰে শীৰ্ষ নেতৃত্বই।