ৰঙিয়াঃ ৰাজ্যখনত উচ্চ শিক্ষিত যুৱক-যুৱতীসকলে এটা চাকৰিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ দেশ তথা ৰাজ্যৰ প্ৰতিখন চৰকাৰে নিৱনুৱাক সংস্থাপন দিম বুলি বৰ বৰ কথা কৈ ভোট আদায় কৰে যদিও নিৱনুৱা যুৱক-যুৱতী সকলে মুখ্যমন্ত্ৰী, মন্ত্ৰীৰ মুখলৈ চাই দিন পাৰ কৰিব লগা হয়৷
শেহতীয়াকৈ চৰকাৰখনে বিভিন্ন বিভাগৰ বিভিন্ন পদ বিলুপ্তি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ চৰকাৰখনে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে নিৱনুৱাক প্ৰতাৰণা কৰাৰ বিৰুদ্ধে সময়ে সময়ে প্ৰতিবাদ কৰি আহিছে৷ তাৰমাজতে আয়ুৰ্বেদিক ফাৰ্মাচিষ্টসকলে নিযুক্তি নোপোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষোভ উজাৰি আহিছে চৰকাৰৰ বিৰুদ্ধে৷