ডিব্ৰুগড়ঃ শিৱসাগৰ জিলাত বিজেপিৰ ১০ টা গ্ৰাম্য মণ্ডলৰ সভাপতি নিৰ্বাচনকলৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। মঙলবাৰে মণ্ডল সমূহৰ সভাপতিৰ নাম ঘোষণা কৰিলে যদিও দলটোৱে দুখন ভিন্ন তালিকা প্ৰকাশ কৰাত বিমোৰত পৰিছে তৃণমূল কৰ্মী সমূহ।
আনকি ইয়াকেলৈ ফেচবুকত দলীয় বিষয়ববীয়া তথা কৰ্মীৰ মাজত ব্যাপক তৰ্ক বিতৰ্ক হোৱা পৰিলক্ষিত হৈছে। আনকি কোনো কোনোৱে তালিকাকলৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ভিতৰুৱা কেতবোৰ অন্তঃকন্দলো সদৰী কৰিছে। মঙলবাৰে নিশাৰ ভাগলৈ দলটোৰ শিৱসাগৰৰ তৃণমূল কৰ্মী তথা সাধাৰণ লোকৰ মাজতো একেকেইটা পদৰ দুখন তালিকা ভাইৰেল হৈ পৰে।