
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ পাচোৰ জিলাৰ এখন বিশেষ গাঁৱৰ অভ্যন্তৰত প্ৰৱেশ কৰিলেই সকলোৰে চকু কপালত উঠে। প্ৰথম দৃষ্টিত গাঁৱখনৰ প্ৰতিঘৰ আৱাসীয়েই ঐশ্বৰ্যশালী। সকলো পৰিয়ালৰ ঘৰেই দুমহলীয়া।
কণ কণ লৰা-ছোৱালীৰ হাতত খেলনা হিচাপে দেখা যায় দামী স্মাৰ্টফোন। কেদিয়া নামৰ গাঁৱখনত দুখীয়া কোনো নায়েই। দৰাচলতে গাঁৱখন লক্ষ্মীৰ বাসস্থান। ঐশ্বৰ্যৰ দেৱীয়ে বাস কৰা কেদিয়াৰ গঞা পিছে সকলোৰে বাবে আতংকৰ কাৰণ।
আৰক্ষীয়ে প্ৰতি সপ্তাহতে এপাক কেদিয়া গাঁৱলৈ যাবই লাগিব। দৰাচলতে কেদিয়াৰ প্ৰতিজন গঞাৰে স্বভাৱ হাত-লৰ। যাৰ বাবে চোৰৰ গাঁৱখনত চকু ৰাখে আৰক্ষীয়ে। কেদিয়াত আকৌ চুৰি কাৰ্য একপ্ৰকাৰ বৈধ।
গাঁৱখনৰ পৰা প্ৰফেছনেল চোৰ বন্দৱস্ত কৰি নিয়ে বাহিৰৰ দুষ্টচক্ৰই। কেদিয়াৰ প্ৰতিটো শিশুৱেই চুৰি কৰাত পাকৈত। যাৰ বাবে দিল্লী আৰু আন ঠাইৰ চোৰৰ গেঙে জটিল ঠাইত চুৰিৰ পৰিকল্পনা কৰিলে কেদিয়াৰ শিশু ভাৰা কৰে।
চুৰি কৰিবলৈ ভাৰা কৰি শিশু নিয়াৰ চুক্তি আকৌ পঞ্চায়তে সম্পাদন কৰে। সৰ্বশেষত সন্মতি দিয়ে অভিভাৱকে। গাঁৱখনৰ প্ৰতিটো ঘৰেই শিশুসকলে চুৰি কৰা সামগ্ৰীৰে চহকী।
আচৰিত কথা এয়ে যে চহকী লোকৰ এঘৰতো নাই বহা আৰু শোৱাৰ আচবাব। এই গাঁৱৰ কেবাটিও শিশু সম্প্ৰতি ধৰা পৰিছে দিল্লীৰ এখন বিয়াৰ পৰা গহণা চুৰি কৰি। আৰক্ষীৰ জালত পৰিছে নাবালক চোৰ।