47
কাছাৰঃ পাঁচ দিনে শুংসূত্ৰ নাই কাছাৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ দুবছৰীয়া কন্যাৰ। পাঁচ দিন পুৰ্বে বিশ্ববিদ্যালয় খনৰ অধ্যাপক শুভদীপ চৌধুৰীৰ চৰকাৰী আৱাসগৃহৰ পৰা নিৰুদ্দেশ হয় কন্যা তৃষা ৰয় চৌধুৰীৰ।
আৰক্ষী প্ৰশাসনে অধ্যাপকৰ দুবছৰীয়া কন্যাগৰাকীক উদ্ধাৰৰ বাবে দিনে নিশাই অভিযান চলাই আহিছে যদিও কিশোৰীগৰাকীৰ শুংসুত্ৰ উলিযাব পৰা নাই৷ নেতাজী ছাত্ৰ যুৱ সন্থাই জিলা খনৰ বাটে-ঘাটে ছোয়লিৰ ফটো লগাই ৰাইজক উদ্ধাৰত সহায় কৰিবলৈ আহ্বান জনায় আহিছে৷