ডিজিটেল ৰিপ’ৰ্টঃ বিগত বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজক সু-শাসনৰ প্ৰতিশ্ৰুতিৰে ৰাজ্য শাসনৰ বাঘজৰী হাতত লৈছিল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ কিন্তু চৰকাৰৰ বৰ্ষপূৰ্তি নৌহওঁতেই গেৰুৱা দলটোৰ একাংশ বিধায়ক তথা দলীয় নেতা-কৰ্মীয়ে সু-শাসনৰ প্ৰতিশ্ৰুতিক পদানত কৰি অহাৰ চাক্ষুস প্ৰমাণ লাভ কৰিছে অসমবাসী ৰাইজে৷
এনে ধৰণৰ একাধিক চাক্ষুষ প্ৰমাণৰ মাজতে এইবাৰ সৰ্বা চৰকাৰৰ এই সু-শাসনৰ ধাৰণাক নস্যাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে স্বয়ং ৰাজধানী চহৰ গুৱাহাটীৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে৷ গেৰুৱা দলটোৰ এই বিধায়কগৰাকী হৈছে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা৷