55
ঢেকীয়াজুলিঃ নিজ জনগোষ্ঠীৰ বাবে ছাত্ৰ নেতাই ভোকে-পিয়াহে অনাহাৰে পাৰ কৰিলে দুদিন৷ পথৰ দাতিত টানি লোৱা ত্ৰিপালৰ তলত ৪৮ ঘন্টা পাৰ কৰিলে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেইবাগৰাকী নেতাই৷
৬ জনগোষ্ঠীৰ সৈতে জনজাতিকৰণৰ দাবীত যোৱা কেবা বছৰ ধৰি আন্দোলন কৰি অহা সংগঠনটোৱে বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত শ্বহীদ নগৰী ঢেকীয়াজুলিৰ মাজমজিয়াত আমৰণ অনশন আৰম্ভ কৰিছে৷