গোৰেশ্বৰঃ ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ ভেন্সাৰ শিক্ষানুষ্ঠানৰ হেজাৰ হেজাৰ শিক্ষক-কৰ্মচাৰীৰ জীৱনৰ সৈতে হেতালি খেলি আছে। যোৱা বিধান সভা অধিৱেশনত প্ৰাদেশিকীকৰণ সম্পৰ্কীয় কেইবাখনো সংশোধনী বিল উত্থাপন কৰা হ’ব বুলি কৈ অৱশেষত এখনো উত্থাপন নকৰি ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক উপলুঙা কৰাই নহয় তেওঁলোকৰ জীৱনলৈও অনিশ্চয়তা নমাই আনিছে। -এই মন্তব্য অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক ভূৱনেশ্বৰ লহকৰৰ।
শিক্ষামন্ত্ৰী গৰাকীৰ এনে মিথ্যাচাৰ আৰু শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণত বাৰে বাৰে বিলম্ব কৰাৰ প্ৰতিবাদত অহা ২ অক্টোবৰত গান্ধীজয়ন্তীৰ দিনা পুনৰ ৰাজপথত নামিব বুলি ঘোষণা কৰিছে ঐক্যমঞ্চই। আজি দিনৰ ১১ বজাত ৰঙিয়াৰ কেন্দুকোণাত অনুষ্ঠিত ঐক্যমঞ্চৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি এক প্ৰেছ বিজ্ঞাপ্তি যোগে জনাইছে লহকৰে।