খাৰুপেটিয়াঃ ৰাজ্য চৰকাৰে নিজৰ স্বৈৰাচাৰী চৰিত্ৰৰ প্ৰমাণ দি কিছুদিন পূৰ্বে কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল৷ আনহাতে জেইলৰ ভিতৰত বন্দীত্বৰ জীৱন কটাই থকাৰ সময়তে এইবাৰ আকৌ চৰকাৰে কৃষক নেতাজনৰ ওপৰত জাপি দিলে ৰাষ্ট্ৰদ্ৰোহৰ আৰোপ৷ ৰাষ্ট্ৰৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা কৃষক নেতা অখিল গগৈক এতিয়া জেইলৰ ভিতৰতে পুনৰ আটক কৰা হল ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত৷
যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ক্ষোভত জ্বলি পকি উঠিছে সমগ্ৰ ৰাজ্য৷ বাক স্বাধীনতাত হস্তক্ষেপ কৰি মিছা অভিযোগৰে কৃষক নেতা অখিল গগৈক চৰকাৰ প্ৰশাসনে আটক কৰাত এতিয়া ৰাজ্যত উত্তেজনাপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে৷