চৰাইদেউঃ উত্তৰ অসমৰ ৰাইজৰ বাবে মৃত্যুদূত স্বৰূপ নিৰ্মীয়মান নামনি সোঁৱণশিৰি নদীবান্ধৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু অসম চৰকাৰে অতি শেহতীয়া ভাৱে যি নীচ ষড়যন্ত্ৰ কৰিছে তাক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কঠোৰ ভাষাৰে গৰিহণা দিছে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে যিকোনো উপায়ে নামনি সোঁৱণশিৰি নদীবান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুখনে গ্ৰীণ ট্ৰিবিউনেলত দাখিল কৰা শপত নামাত বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনত অসমৰ চাৰিজন বিশেষজ্ঞৰ মতামত উহ্য কৰি দাখিল কৰি নদীবান্ধ নিৰ্মাণ সম্পন্ন কৰি তোলাৰ স্বাৰ্থত এন এইচ পি চিৰ সপক্ষে ট্ৰিবিউনেলক আবেদন কৰিছে।