newsnextone.com | বেতবাৰীঃ ৰাজ্যৰ জৰাজীৰ্ণপ্ৰায় ৰাষ্ট্ৰীয় ৩৭ নং ঘাইপথৰ মেৰামতিৰ কাম অতি লেহেমীয়া গতিত হোৱাৰ প্ৰতিবাদত আজি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে শিৱসাগৰ জিলাৰ ডিমৌত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাৰ উপস্থিতিৰ সংগঠনটোৰ দুই শতাধিক নেতা-কৰ্মীয়ে ‘অসম চৰকাৰ হায় হায়’, ‘ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম শীঘ্ৰে কৰক’, ‘মটক যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ’ আদি শ্ল’গানেৰে প্ৰায় এঘন্টা সময় ডিমৌৰ ৰাজপথ উত্তাল কৰি তোলে। 

মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই কয়, “৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰৱস্থাৰ বাবে আমাৰ সাধাৰণ ৰাইজে সদায় জিয়াতু ভুগি থাকিব নোৱাৰে। ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত সৰহ সংখ্যক যান-বাহন দুৰ্ঘটনাৰ অন্যতম কাৰণ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ঠায়ে-ঠায়ে সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁত আৰু নিৰ্মাণ কাৰ্য সঠিকভাৱে নোহোৱা।’’

১ মাহৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ’লে পৰৱৰ্তী সময়ত সংগঠনটোৱে প্ৰৱল জংগী আন্দোলন আৰু গণ প্ৰতিবাদ গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে৷