newsnextone.com | খাৰুপেটীয়াঃ ৰাজ্যৰ পৰিবৰ্তনকামী সোণোৱাল চৰকাৰে ৰাজ্যৰ সৰ্বাংগীন উন্নয়ণৰ ঢাকঢোল বজাই আহিলেও উন্নয়নৰ বাস্তৱ ছবিখন উন্মুক্ত কৰিছে ৰাজ্যৰ জৰাজীৰ্ণ পথ সমূহে৷ ৰাজ্যৰ বিভিন্ন গ্ৰামাঞ্চলৰ লগতে উদ্যোগিক চহৰ সমূহৰো জৰাজীৰ্ণ পথৰ দুৰাৱস্থাই সাধাৰণ ৰাইজক জ্বলাকলা খুৱাই অহা পৰিলক্ষিত হৈছে৷
তাৰেই এক প্ৰমাণ হৈছে দৰঙৰ দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো৷ ৰাষ্ট্ৰীয় ঘাই পথটোৰ জুৰাৱস্থাই অঞ্চলটোৰ যাতায়তকাৰী তথা ছাত্ৰ-ছাত্ৰীক যমৰ যাতনা ভুগাই অহাৰ লগতে পথটোৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত সমূহে বহু সময়ত দূৰ্ঘটনাৰো কাৰণ হৈ পৰা বুলি ৰাইজে দাবী কৰিছে৷