newsnextone.com | খাৰুপেটীয়াঃ ৰাজ্যৰ পৰিবৰ্তনকামী সোণোৱাল চৰকাৰে ৰাজ্যৰ সৰ্বাংগীন উন্নয়ণৰ ঢাকঢোল বজাই আহিলেও উন্নয়নৰ বাস্তৱ ছবিখন উন্মুক্ত কৰিছে ৰাজ্যৰ জৰাজীৰ্ণ পথ সমূহে৷ ৰাজ্যৰ বিভিন্ন গ্ৰামাঞ্চলৰ লগতে উদ্যোগিক চহৰ সমূহৰো জৰাজীৰ্ণ পথৰ দুৰাৱস্থাই সাধাৰণ ৰাইজক জ্বলাকলা খুৱাই অহা পৰিলক্ষিত হৈছে৷ 

তাৰেই এক প্ৰমাণ হৈছে দৰঙৰ দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো৷ ৰাষ্ট্ৰীয় ঘাই পথটোৰ জুৰাৱস্থাই অঞ্চলটোৰ যাতায়তকাৰী তথা ছাত্ৰ-ছাত্ৰীক যমৰ যাতনা ভুগাই অহাৰ লগতে পথটোৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত সমূহে বহু সময়ত দূৰ্ঘটনাৰো কাৰণ হৈ পৰা বুলি ৰাইজে দাবী কৰিছে৷ 

যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে পথটো মেৰামতিৰ দাবীত প্ৰতিবাদ জনাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ দৰং জিলা সমিতিয়ে হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে৷

উল্লেখ্য যে, বহু দিনৰ পৰা বিভিন্ন দল-সংগঠনে পথটো মেৰামতিৰ বাবে দাবী কৰি আহিছে যদিও চৰকাৰে কোনো কাণসাৰ দিয়া নাই। ফলত পৰিৱৰ্তনকামী চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি সোমবাৰে পথটো মেৰামতিৰ দাবীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিৰ শতাধিক নেতা কর্মী, সমর্থকে ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি অসম চৰকাৰ মুর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে৷