কাকপথাৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কে ক্ৰমাৎ বিষম কৰি তুলিছে শান্তিময় অসমৰ প্ৰতিটো ক্ষণ। আজি তেনে ক্ষণৰেই আঁত ধৰি হিন্দু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কাকপথাৰবাসী ৰাইজৰ মানৱ-শৃংখল আৰু অসম অৰুণাচল সীমান্তৱৰ্তী ডিৰাক চাৰিআলিত ডিৰাকবাসী ৰাইজ, স্থানীয় দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত এক অৰ্ধ উলংগ প্ৰতিবাদী সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
১ নং সৰুডিৰাক ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ হোৱা অৰ্ধ উলংগ প্ৰতিবাদী সমদলটোৱে ডিৰাক চাৰিআলি হৈ ৰংপুৰীযা গাওঁলৈকে পৰিভ্ৰমণ কৰি পৰিবেশ উত্তাল কৰি তোলে ৷ “হিন্দু নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিল কৰক” “নৰেন্দ্ৰ মোদী হুছিয়াৰ”, “সৰ্বানন্দ সোণোৱাল গ’ বেক”, “বিজেপি গ’ বেক”, “বিজেপি নিপাত যাওঁক”,”অসম চৰকাৰ হায় হায়”, “সৰ্বানন্দ সোণোৱাল জাতিদ্ৰোহী” ইত্যাদি বিভিন্ন শ্লগানেৰে আকাশ-বতাহ কপাঁই তোলে ৷