ডিব্ৰুগড়ঃ চাবুৱাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতৰ ছাত্ৰ ফেডাৰেচন, ভাৰতৰ গণতান্ত্ৰিক ফেডাৰেচন, বিপ্লৱী যুৱ সংস্থা, নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন, নিখিল ভাৰত যুৱ ফেডাৰেচন আৰু সদৌ ভাৰত ছাত্ৰ সংস্থাৰ উদ্যোগত আজি নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত সহস্ৰাধিক লোকে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,সৰ্বা-হিমন্ত কেতিয়াৰ পৰা বাংলাদেশী প্ৰেমত পৰিল জবাব লাগে জবাব দিয়ক, সৰ্বা-হিমন্তই কেতিয়া বালাদেশীক i love you ক’লে জবাব লাগে জবাব দিয়ক, সাম্প্ৰদায়িক মন্তব্য দিয়া হিমন্ত বিশ্ব শৰ্মা লেই লেই ছেই ছেই আদি ধ্বনিৰে সমগ্ৰ চাবুৱা অঞ্চল উত্তাল কৰি তুলে।