গোলাঘাটঃ অসম তথা অসমবাসী জাতি-জনগোষ্ঠী আৰু ভাষা-সংস্কৃতি অস্তিত্ব সংকটাপন্ন কৰি বিজেপি চৰকাৰে গৃহীত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে আজি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন গোলাঘাট জিলা পৰিষদে বিভিন্ন দল-সংগঠনৰ সহযোগত জামুগুৰি চাৰিআলিত এক দুঘণ্টীয়া পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
এআইএছএফৰ জিলা সভাপতি ধনীৰাম পাত্ৰ, সম্পাদক যদু বৰা, ৰাজ্যিক সম্পাদক বিতোপন গগৈ, জামুগুৰি আঞ্চলিক সমিতিৰ সম্পাদক তৰংগ খাটনীয়াৰৰ নেতৃত্বত অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে দিনৰ প্ৰায় ১২ বজাত বিধেয়ক বিৰোধী তথা চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে।