ওদালগুৰিঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি চলিছে উত্তাল প্ৰতিবাদ। এই বিধেয়ক বাতিলৰ দাবীত অনশন, ধৰ্ণা, অৰ্ধউলংগ প্ৰতিবাদ, শ্ৰেণী বৰ্জনকে আদি কৰি ৰাজ্যৰ লগতে সংসদ ভৱনৰ চৌহদত উলংগ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়াই।
প্ৰজাবিৰোধী ৰজাঘৰীয়াৰ এই নিকৃষ্ট কাণ্ডৰ বাবে সকলোৱে একেমুখে ৰজাঘৰীয়া অৰ্থাৎ চৰকাৰক সমালোচনাৰ সীমা অতিক্ৰম কৰিছে। তাৰ মাজতেই হেপাঁহৰ ভোগালী বিহু। বৰ্তমান ভোগৰ এই ভোগালী বিহুৰ আনন্দ উচাহ শদিয়াৰ পৰা ধুবুৰীলৈ পৰিস্ফুত হোৱা দেখা গৈছে। অৱশ্যে আন বছৰবোৰৰ তুলনাই চৰকাৰৰ খিলঞ্জীয়াবিৰোধী স্থিতি তথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোৱে এইবাৰৰ ভোগালী বিহুৰ আনন্দ বহু পৰিমাণে ম্লান পেলাইছে।