দক্ষিণ-শালমাৰাঃ অৱশেষত ৰাইজৰ প্ৰতিবাদত সেও মানিলে চৰকাৰে। দক্ষিণ-শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত কৰুণা কুমাৰীক আজি বদলিৰ নিৰ্দেশ জাৰি কৰে চৰকাৰে । ৰাইজৰ দাবী মানি লোৱাত বিগত পাঁচ দিন ধৰি ১৯ টাকৈ সংগঠনে চলাই অহা আমৰণ অনশন কাৰ্যসূচী ভংগ কৰে। জিলাখনৰ নতুন উপায়ুক্তৰূপে নিযুক্তি দিয়া হৈছে আটিকা চুলতানাক।

শেহতীয়াভাৱে জিলাখনত উপায়ুক্ত কুমাৰীৰ বদলিৰ দাবীত জিলাখনৰ ঠায়ে ঠায়ে টায়াৰ জ্বলাই এই সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

জিলাখনৰ টুমনি, কদমতলী, বাঘাপাৰা মানকাচৰ আদি ঠাইত ডি চি মুৰ্দাবাদ, ডি চি হায়! হায়!, অসম চৰকাৰ হায়! হায়!, আদি শ্ল'গানেৰে অঞ্চলৰ আকাশ বতাহ কঁপাই তোলে ।