চাবুৱাঃ এটি পথ৷ যোৱা ১৬ বছৰে মাটি এচপৰাও পৰা নাই পথটোত৷ কিন্তু আজি অভিযন্তাই কথা দিলে ১০ দিনৰ ভিতৰত মেৰামতি কৰা হ’ব পথটো। লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত হেজেল বেংক চাৰিআলি-বালিজান গড়কাপ্তানী পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ পথটো মেৰামতি কৰাৰ দাবীত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত নাদুৱা চাইডিংত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
সংগঠনটোৱে লাহোৱাল সমষ্টিৰ বিধায়ক হায় হায়, পথ নিৰ্মাণত ৰাজনীতি কৰা বন্ধ কৰক, হেজেল বেংকৰ পৰা থানাই সংযোগী গড়কাপ্তানী পথ মেৰামতি কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদীৰ ৰুদ্ৰৰূপ দেখি প্ৰতিবাদস্থলিত ততাতৈয়াকৈ চাবুৱাৰ ৰাজহ চক্ৰ বিষয়াক লগতে গড়কাপ্তানী বিভাগৰ ডিব্ৰুগড় জিলাৰ কাৰ্যবাহী অভিযন্তা ৰাজীৱ লাহন উপস্থিত হয়৷