ৰঙিয়াঃ ৰঙিয়াত ই-ৰিক্সা চালকৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰিক্সা চালক। ৰঙিয়াত ৰিক্সাচালক সকলে ই-ৰিক্সা চালক সকলৰ বাবে পেটত গামোচা বান্ধিব লগা অৱস্থা হৈছে। ই-ৰিক্সাৰ চালক সকলে ৰঙিয়া পৌৰসভাৰ পৰা কোনো ধৰণৰ অনুজ্ঞা পত্ৰ নোলোৱাকৈ ৰঙিয়া চহৰত ৰিক্সা চলাবলৈ লোৱাত ভাড়াৰ পৰা বঞ্চিত হব লগা হৈছে সাধাৰণ ৰিক্সা চালক সকল।
উপায়ন্তৰ হৈ ৰিক্সা চালক সকলে আজি ৰঙিয়া পৌৰ সভাৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ই-ৰিক্সাৰ চালক সকলৰ ওপৰত ব্যৱস্থা লোৱাৰ বাবে দাবী জনয়।