মঙলদৈঃ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ অপবাখ্যা আৰু অৱমাননাৰে অসমৰ গৰাখহনীয়া পীড়িত ভূমিহীন লোকক উচ্ছেদ কৰিছে চৰকাৰ আৰু প্ৰশাসনে। এই অভিযোগ কৰিছে উচ্ছেদ বিৰোধী গণ মঞ্চ, অসমে। দৰং জিলাৰ ছিপাঝাৰ মৌজাৰ অন্তৰ্গত ফুহুৰাতলী আৰু মঙলদৈ ৰাজহ চক্ৰৰ হিলৈখুন্দা গাঁৱৰ উচ্ছেদিত লোকসকলৰ সকলৰ ক্ষতিপূৰণ আৰু পুনৰসংস্থাপনৰ দাবীৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ নোহোৱালৈকে সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰাৰ দাবীত আজি মঙলদৈ চহৰত উচ্ছেদ বিৰোধী গণ মঞ্চ, অসমে দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক বিশাল গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ইয়াৰ পূৰ্বে আজি ছিপাঝাৰ ৰাজহ চক্ৰৰ ফুহুৰাতলী চৰাঞ্চলৰ পৰা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে উচ্ছেদক অমানবীয় আখ্যা দি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই দৰং জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপদেষ্টা তৰুণ ডেকাৰ সঞ্চালনাত প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰে।