নাওকাটাঃ সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক দিন দুপৰতে কোকৰাঝাৰৰ তিতাগুৰিত অচিনাক্ত ঘাতকে নিৰ্মমভাৱে হত্যা কৰাৰ ঘটনাই ৮ দিন অতিক্ৰম কৰাৰ পিছতো চৰকাৰ-প্ৰশাসনে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত প্ৰতিক্ৰিয়া অব্যাহত আছে সৰ্বত্ৰে।
আজি সন্ধিয়া ৭ মান বজাত বাক্সা জিলাৰ বাঙালীপাৰাত পূৱ ডেফেলী আঞ্চলিক এবিএমছুৰ উদ্যোগত ৯ টাকৈ সংগঠনে লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা তথা হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবীত জোৰ সমদল উলিওৱাৰ লগতে অসম চৰকাৰ হায়ঃহায়ঃ, বিটিচি প্ৰশাসন মুৰ্দাবাদ, হত্যাকাৰী গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়ক, এই জুই জ্বলিছে জ্বলিবই আদি শ্ল’গানেৰে কঁপাই তোলে অঞ্চলটোৰ আকাশ-বতাহ।