গৰৈমাৰীঃ পৰিবৰ্তনৰ শ্ল’গান দি সাসনাধিষ্ঠিত হোৱা ৰাজ্য চৰকাৰখনে দিনক দিনে বঢ়াইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম৷ যাৰ ফলত সাধাৰন দৰিদ্ৰ শ্ৰেনীয়ে এতিয়া চিন্তা কৰিবলগীয়া হৈছে এমুঠি ভাতৰ বাবে, নিজৰ প্ৰয়োজনীয় অভাৱখিনি পূৰণ কৰিবৰ বাবে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে এই মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰতিবাদ কৰি চৰকাৰক গৰিহনা দি অহাৰ সময়তে এই প্ৰতিবাদত নামিল বিৰোধী দল কংগ্ৰেছ৷ NSUIৰ সহযোগত আজি দক্ষিণ কামৰূপৰ গৰৈমাৰিত মূল্যবৃদ্ধিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ছয়গাঁও সমষ্টিৰ যুৱ কংগ্ৰেছী সকলে৷