গোৱালপাৰা/নগাঁওঃ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে সাংবিধানিক সুৰক্ষাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ আহোম-মোগলৰ যুদ্ধ, দেশৰ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা থলুৱা ইছলাম ধৰ্মীসকলে পৰিচয় সংকটত পৰি ককবকাব লগা হৈছে৷ অসমীয়া জাতিৰ হকে আহোম-মোগলৰ যুদ্ধত জপিয়াই পৰা বাঘ হাজৰিকা, ভাষা আন্দোলনৰ শ্বহীদ মোজাম্মিল হ’কৰ উত্তৰসুৰীয়ে থলুৱা ইছলামধৰ্মীসকলে অস্তিত্বৰ সংকটত ৰাজ পথলৈ ওলাই আহিব লগা হৈছে৷
ডি-ভোটাৰৰ সমস্যা. এনআৰচিৰ অ’ আই সমস্যা সমাধানৰ বাবে নিতৌ ৰাজ পথ উত্তাল কৰি আহিছে৷ প্ৰতিদিনে ৰজাঘৰীয়া তথা একাংস লোকে সন্দেহৰ চকুৰে চোৱাত থলুৱা গৰিয়া, মৰিয়া, দেশী. জলহা, মৈমাল আদি জনগোষ্ঠীয়ে অপমান সহ্য কৰিব লগা হৈছে৷ অসমৰ ভূমিপুত্ৰসকলক সাংবিধানিক সুৰক্ষা প্ৰদানৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে নগাঁৱত আৰু গোৱালপাৰাত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ বছৰ বছৰ ধৰি বঞ্চিত অৱহেলিত ৰাজ্যৰ থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠীৰ লোক৷