Home ৰাজ্যআলফাক ভূমি আৱণ্টনৰ তীব্ৰ বিৰোধিতা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ

আলফাক ভূমি আৱণ্টনৰ তীব্ৰ বিৰোধিতা বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ

by News Desk
58 views
A+A-
Reset

কোকৰাঝাৰঃ যুদ্ধবিৰত আৰু আলোচনাপন্থী আলফাৰ পুনৰসংস্থাপনৰ বাবে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৫০০ বিঘা মাটি আগবঢ়াব বুলি আলফা নেতা অনুপ চেতিয়াই সদৰী কৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই । 
      
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বডোলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু কাৰ্যকাৰী সভাপতি দাওৰাব দেখ্ৰেব নাৰ্জাৰীয়ে হাগ্ৰামা মহিলাৰীয়ে যুদ্ধবিৰত আলফা আৰু আলোচনাপন্থী আলফা সদস্যৰ পুনৰসংস্থাপনৰ নামত ভূমি আৱণ্টন দিব বিচৰা কাৰ্য আইন বিৰোধী আৰু জনজাতিক নি:শেষ কৰাৰ এক গভীৰ ষড়যন্ত্ৰ বুলি মন্তব্য প্ৰকাশ কৰিছে ।

বিবৃতিত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ নেতাদ্বয়ে কয় যে আলফা হ’ল ৰাষ্ট্ৰবিৰোধী কুখ্যাত সংগঠন । তেওঁলোক বৰ্তমানলৈকে মুলসূঁতিলৈ অহা নাই, মাথো যুদ্ধবিৰতিত হে আছে। ভাৰত চৰকাৰে বৰ্তমানলৈকে আলফা সমস্যাৰ সমাধান কৰা নাই , তেওঁলোক নি:সন্দেহে যিকোনো মুহুৰ্তত পুণৰাই উগ্ৰৰূপ ধাৰণ কৰিবই আৰু সেয়েহে তেনে এটা সংগঠনৰ নামত ভূমি আৱণ্টন দিয়াৰো কোনো যুক্তি নাই  বুলি বিবৃতিত উল্লেখ কৰি হাগ্ৰামা মহিলাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে। 
 
বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে বিবৃতিত উল্লেখ কৰা মতে ষষ্ঠ অনুসূচী কেবল জনজাতি সকলৰ ভূমি, ধন-সম্পত্তি, জীৱন, কলা-সংস্কৃতি, ভাষা, বেষ্ঠনী-আৱেষ্ঠনীৰ নিৰাপত্তা-ৰক্ষণাবেক্ষণৰ বাবেহে প্ৰদান কৰা হৈছে আৰু ই হাগ্ৰামা মহিলাৰীৰ ব্যক্তিগত সম্পত্তি নহয় বুলি নেতাদ্বয়ে উল্লেখ কৰি ৰাজনৈতিক দালালিৰ পৰিবৰ্তে জনজাতি বেষ্টনী অঞ্চলৰ পৰা অবৈধ দখলদাৰীসকলক উচ্ছেদ কৰিবলৈ মহিলাৰীৰ প্ৰতি পৰামৰ্শ আগবঢ়ায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0