newsnextone.com | নামতিঃ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া নিচা জাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনে সমাজখনক বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈ আহিছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত গঢ় লৈ উঠা বৈধ আৰু অবৈধ দেশী বিদেশী চুলাইৰ ঘাটি সমূহে যুৱ প্ৰজন্মৰ মনত কু প্ৰভাৱ পেলাই ধ্বংসৰ মুখলৈ থেলি দিছে৷ আনহাতে, বৃহৎ পৰিমাণৰ কৰ লাভৰ আশাত চৰকাৰ প্ৰশাসনেও তেনে মদৰ ঘাটি সমূহ উচ্ছেদ নকৰে বুলি ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে৷

অবৈধ মদ, লালিগুড়, ড্ৰাগছ আদি নিচা জাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনৰ ফলত বিভিন্ন অঞ্চলৰ পৰিবেশ প্ৰদূষিত হৈ পৰা পৰিলক্ষিত হৈছে৷ ইফালে চৰকাৰে নিচামুক্ত ভাৰত গঢ়াৰ সংকল্প গঢ়িলেও চৰকাৰ প্ৰশাসনৰ অমনোযোগীতাৰ সুযোগ লৈ এচাম ধুৰন্ধৰ ব্যৱসায়ীয়ে একাংশ নেতা মন্ত্ৰীৰ ছত্ৰছায়াত মদ, ভাং, ড্ৰাগছ আদিৰ ৰমৰমীয়া বেহা চলাই নিছে৷ এই সকলোবোৰ দেখিও মাথো নেদেখাৰ ভাও জুৰি আছে আবকাৰী বিভাগে৷

সময়ে সময়ে আৰক্ষী আৰু আবকাৰী বিভাগে অভিযান চলাই অলপ চলপ অবৈধ মদ, ভাং আদি জব্দ কৰিবলৈ সক্ষম হয় যদিও পিছত সেয়া এক পৰিকল্পিত নাটক হিচাপেহে ৰাইজৰ চকুৰ সন্মুখলৈ আহে৷ ৰাইজে বিভিন্ন সময়ত নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় বন্ধ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আহিলেও ৰাইজৰ দাবী মাথো দাবী হৈয়ে ৰৈ যায়৷

আমগুৰি সমষ্টিৰ বিভিন্ন এলেকাতো একাংশ ক্ষমতাশালী লোকৰ ছত্ৰছায়াত নিচাজাতীয় সামগ্ৰীৰ অবাধ ব্যৱসায় চলি থকা পৰিলক্ষিত হৈছে৷ এলেকা সমূহত চলি থকা মদ আৰু ড্ৰাগছৰ ব্যৱসায়ে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ মনত কু প্ৰভাৱ পেলোৱাৰ ফলত অঞ্চলসমূহত হত্যা, ধৰ্ষণ, লুন্ঠন আদি কাৰ্য বৃদ্ধি পোৱা বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰি আহিছে৷

স্থানীয় ৰাইজে এনে মাদক দ্ৰব্যৰ ঘাটি সমূহ উচ্ছেদ কৰিবলৈ চৰকাৰ প্ৰশাসনৰ ওচৰত কেইবাবাৰো দাবী উত্থাপন কৰি আহিছে যদিও আবকাৰী বিভাগ আৰক্ষীয়ে মাথো দুবাৰ নে তিনিবাৰ উচ্ছেদ অভিযান চলাইয়েই নিজৰ দায়িত্ব সামৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷

একাংশ ক্ষমতাশালী লোকেই এনে ব্যৱসায়ৰ লগত জড়িত হোৱা বাবেই প্ৰশাসনে অবৈধ ব্যৱসায়সমূহ বন্ধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি ৰাইজে অভিযোগ কৰে৷ আনহাতে কোনো কোনোৰ মতে আৰক্ষীয়ে এনে ব্যৱয়াসৰ পৰা প্ৰতিমাহে উৎকোচ লাভ কৰি থাকে বাবেই আৰক্ষীয়ে ৰাইজৰ দাবীক গুৰুত্ব প্ৰদান নকৰে৷

অসম নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আমগুৰিৰ বৰবাম, বাঘজান, টিফুক, বৰছিলা আদি বাগিচাত অবাধ হাৰত অৰুণাচলী সুৰা, মাৰাত্মক চুলাইকে ধৰি ড্ৰাগছৰ অবাধ বেহাৰ বিৰুদ্ধে সেয়েহে এইবাৰ প্ৰতিবাদত নামিছে স্থানীয় ৰাইজ আৰু দল-সংগঠন৷ আমগুৰি সমষ্টি এলেকাৰ বাগিচাসমূহত চলি থকা এনে অৱাধ ব্যৱসায় বন্ধৰ দাবীত মঙলবাৰৰ পৰা আমৰণ অনশন কাৰ্যসূচী পালন কৰে  অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰবাম প্ৰাথমিক গোটে৷ 

আটছাৰ বৰবাম প্ৰাথমিক গোটৰ শতাধিক সদস্যই আমগুৰি বৰবাম চাহ বাগিচাত চুলাই মদ, ড্ৰাগঠ আদি নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা বন্ধ কৰাৰ দাবীত আমৰণ অনশন কাৰ্যসূচী পালন কৰে৷ আটছা সংগঠনটোৱে আবকাৰী আৰু জিলা প্ৰশাসনক ধিক্কাৰ এনে ব্যৱসায়সমূহ শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায়।