Home ৰাজ্যডকমকা কাণ্ড, দুই নিৰীহৰ হত্যাত প্ৰতিবাদৰ মুখৰ হৈ পৰিছে কাৰ্বি আংলং

ডকমকা কাণ্ড, দুই নিৰীহৰ হত্যাত প্ৰতিবাদৰ মুখৰ হৈ পৰিছে কাৰ্বি আংলং

by News Desk
69 views
A+A-
Reset

newsnextone.com | খেৰণিঃ কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত কাংঠিলাংছত প্রকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ যোৱা দুই শিল্পী যুৱকক সোপাধৰাৰ সন্দেহত নিৰ্মম ভাৱে হত্যা কৰা ঘটনাক লৈ পশ্চিম কাৰ্বি আংলঙৰ প্রান্তে প্রান্তে তীব্ৰ প্ৰতিক্ৰিয়াৰ ঢৌ উঠিছে। পশ্চিম কাৰ্বি আংলঙৰ সদৰ ঠাই হামৰেণ, ডংকামোকাম, বৈঠলাংছ, খেৰণি আদিত বিভিন্ন দল-সংগঠনৰ সহযোগত স্থানীয় ৰাইজে শান্তিৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ সজাগতা অভিযান চলোৱাৰ লগতে দুৰ্ভগীয়া যুৱকৰ আত্মাৰ চিৰ শান্তিৰ কামনাৰ্থে মৌন প্ৰাৰ্থনা কৰে। 

খেৰণিতো কাৰ্বি ছাত্ৰ সংগঠন (ইংলং ফ), কাৰ্বি লামেট আমেই, কাৰ্বি কালচাৰেল ছ’চাইটি আদি জাতীয় সংগঠনসমূহে এক সংবাদ মেল আয়োজন কৰি মৰ্মান্তিক ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুস্কৃতিকাৰীক আইনগত ভাৱে কঠোৰতম শাস্তি বিহিবলৈ দাবী জনায়। লগতে ইয়াক সম্প্ৰদায়িক ৰূপ দি ছচিয়েল মাধ্যমত বিতৰ্কিত মন্তব্য নকৰিবলৈ আহ্বান জনায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0