কোকৰাঝাৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালৰ এক বিতৰ্কিত সিদ্ধান্তৰ প্ৰতিবাদত কোকৰাঝাৰৰ চাৰি শতাধিক পৰীক্ষাৰ্থীয়ে প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা পাঠ্যক্ৰমৰ পৰৱৰ্তী পৰীক্ষাসমূহত নবহাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি কোকৰাঝাৰত চাৰি শতাধিক শিক্ষক পৰীক্ষাৰ্থীয়ে ঐক্যবদ্ধ হৈ ন্যায় প্ৰদানৰ দাবীত বিটিচিৰ শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত ধৰ্ণা দিয়াৰ লগতে কোকৰাঝাৰ প্ৰেছ ক্লাৱত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিতৰ্কিত সিদ্ধান্তক কঠোৰ ভাষাৰে গৰিহণা দি উক্ত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।

♦ পৰীক্ষা কেন্দ্ৰ সলনিক লৈ কোকৰাঝাৰত প্ৰতিক্ৰিয়া 

♦ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অবিবেচক কাণ্ড

♦ পৰীক্ষা নিদিয়াৰ সিদ্ধান্ত চাৰি শতাধিক পৰীক্ষাৰ্থীৰ

উল্লেখ্য যে যোৱা ১৯ মে'ৰ পৰা প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা পাঠ্যক্ৰম চমুকৈ ডি ইএল ইডি( D.El.Ed)ৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা আৰম্ভ হৈছিল। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা মৰ্মে কোকৰাঝাৰ বিএড কলেজৰ শিক্ষক পৰীক্ষাৰ্থীসকলক জিলাখনৰে ফকিৰাগ্ৰাম কলেজত, কোকৰাঝাৰ ডায়েটৰ পৰীক্ষাৰ্থীসকলক বিএড কলেজত আৰু বিএড কলেজৰ পৰীক্ষাৰ্থীসকলক ফকিৰাগ্ৰাম কলেজত পৰীক্ষা দিবলৈ নিদেৰ্শনা দিয়ে।

সেইমৰ্মে প্ৰশিক্ষাৰ্থীসকল বহু কষ্ট কৰি নিজৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সলনি বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে আন প্ৰশিক্ষণ কেন্দ্ৰত পৰীক্ষা দি আহিছিল। এনেদৰে পৰীক্ষা দি থকাৰ সময়তে যোৱা ২১ মে'ৰ দিনাখন মুক্ত বিশ্ববিদ্যালয়খনৰ এটি পৰ্যবেক্ষকৰ দল আহি পৰীক্ষা কেন্দ্ৰ তিনিটা ভ্ৰমণ কৰে আৰু পৰীক্ষাগৃহৰ ভিতৰত নকল ধৰাৰ নামত পৰীক্ষাৰ্থীসকলক নিৰ্যাতন চলোৱা বুলি আজি পৰীক্ষাৰ্থীসকলে অভিযোগ কৰে।

অভিযোগ অনুসৰি কোকৰাঝাৰ ডায়েট কেন্দ্ৰত নকল ধৰাৰ নামত পুৰুষ পৰ্যবেক্ষকে মহিলাসকলৰ দখনা, শাৰী জোঁকাৰিবলৈ বাধ্য কৰাৰ লগতে নকল বিচাৰি এগৰাকী গৰ্ভৱতী মহিলা প্ৰশিক্ষাৰ্থীৰ পেটত পুৰুষ পৰ্যবেক্ষকে হাত দিয়াক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় যদিও পৰীক্ষাৰ্থী সকলে শালীনতা বজাই ৰাখি পৰীক্ষা অন্ত পৰাৰ পিছতহে বিষয়টো সন্দৰ্ভত পৰ্যবেক্ষকৰ দলটোক কৈফিয়ৎ তলব কৰে।

ইয়াতেই কিছু উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় যদিও পিছত আৰক্ষীয়ে আহি পৰিৱেশ নিয়ন্ত্ৰণ কৰে। পৰ্যবেক্ষকৰ দলটোৱে ইয়াৰ পূৰ্বে ফকিৰাগ্ৰাম কলেজৰ পৰীক্ষা কেন্দ্ৰ আৰু কোকৰাঝাৰ বিএড কলেজৰ পৰীক্ষা কেন্দ্ৰ পৰিভ্ৰমন কৰে। পৰীক্ষা কেন্দ্ৰ পৰিভ্ৰমণ কৰি পৰ্যবেক্ষকৰ দলটোৱে উভতি যোৱাৰ পিছতে হঠাতে আজি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে কাকতত এক বিজ্ঞপ্তি যোগে কোকৰাঝাৰৰ উক্ত পৰীক্ষা কেন্দ্ৰ তিনিটা স্থানান্তৰ কৰা হৈছে বুলি সদৰী কৰি পৰীক্ষা কেন্দ্ৰ তিনিটাৰ পৰীক্ষাৰ্থীসকলক বাকী থকা পৰীক্ষাসমুহ বৰপেটা জিলাৰ ভৱানীপুৰ আঞ্চলিক কলেজৰ পৰীক্ষা কেন্দ্ৰত দিবলৈ নিদেৰ্শনা দিয়ে।

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ এনে হঠকাৰী বিবৃতি প্ৰকাশ পোৱাৰ পিছতে আজি কোকৰাঝাৰত চাৰি শতাধিক পৰীক্ষাৰ্থী বিটিচি সঞ্চালকালয়ৰ কাৰ্যালয় প্ৰাংগণত গোট খাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পৰীক্ষাৰ্থীসকলে কোকৰাঝাৰ প্ৰেছ ক্লাৱত এক প্ৰতিবাদী সভাতো মিলিত হৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰি কোকৰাঝাৰৰ কোনো পৰীক্ষাৰ্থী বৰপেটাৰ ভৱানীপুৰ আঞ্চলিক কলেজত পৰীক্ষা দিবলৈ নাযায় বুলি স্পষ্ট কৰি দিয়ে।

প্ৰতিবাদী সভাত পৰীক্ষাৰ্থীসকলে স্পষ্ট মত প্ৰকাশ কৰি কয় যে বৰপেটাৰ সলনি তেওঁলোক পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি নিজ নিজ পৰীক্ষা কেন্দ্ৰত সময়মতে উপস্থিত হ'ব আৰু কৰ্তৃপক্ষই প্ৰশ্নকাকত যোগান নধৰিলেও সম্পূৰ্ণ তিনিঘণ্টা পৰীক্ষাগৃহতে বহি থাকিব। প্ৰতিবাদী সভাৰ পিছতে প্ৰশিক্ষাৰ্থীসকল বিটিচিৰ শিক্ষা  সঞ্চালকলৈ এক স্মাৰকপত্ৰও প্ৰদান কৰে। স্মাৰক পত্ৰত মহিলাৰ গাত হাত দিয়া, গৰ্ভৱতী মহিলাৰ পেটত নকল বিচৰা, দখনা-শাৰী জোঁকাৰিবলৈ দিয়া আদি ইত্যাদি অভিযোগ বিস্তাৰিতভাৱে বৰ্ণনা কৰে।

পৰীক্ষা চলা অৱস্থাত দুই এজন পৰীক্ষাৰ্থীয়ে ব্যক্তিগতভাৱে অসৎ উপায় অৱলম্বন কৰিলে তেনে পৰীক্ষাৰ্থীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাত কাৰোৰে আপত্তি নাই যদিও ইয়াৰ ব্যতিৰেকে পৰীক্ষা কেন্দ্ৰই স্থানান্তৰ কৰা কাৰ্য কোনোপধ্যে ন্যায়সংগত নহয় বুলি স্মাৰকপত্ৰত উল্লেখ কৰি পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী মৰ্মেই নিজ নিজ কেন্দ্ৰত পৰীক্ষা সমুহ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে পৰীক্ষাৰ্থীসকলে।

পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী মৰ্মে তিনিওটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত নহ'লে তাৰ বাবে উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই জগৰীয়া হ'ব বুলি স্পষ্ট কৰিছে প্ৰশিক্ষাৰ্থী শিক্ষক তথা পৰীক্ষাৰ্থীসকলে। আনহাতে প্ৰশিক্ষাৰ্থীৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰি বিটিচিৰ শিক্ষা সঞ্চালক ৰবি শংকৰ বৰগয়াৰীয়ে প্ৰশিক্ষাৰ্থীৰ দাবীৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰচেষ্টা চলোবা হ'ব বুলি সদৰী কৰিছে।