কোকৰাঝাৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালৰ এক বিতৰ্কিত সিদ্ধান্তৰ প্ৰতিবাদত কোকৰাঝাৰৰ চাৰি শতাধিক পৰীক্ষাৰ্থীয়ে প্ৰাথমিক শিক্ষাৰ ডিপ্ল’মা পাঠ্যক্ৰমৰ পৰৱৰ্তী পৰীক্ষাসমূহত নবহাৰ সিদ্ধান্ত গ্ৰহণ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি কোকৰাঝাৰত চাৰি শতাধিক শিক্ষক পৰীক্ষাৰ্থীয়ে ঐক্যবদ্ধ হৈ ন্যায় প্ৰদানৰ দাবীত বিটিচিৰ শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত ধৰ্ণা দিয়াৰ লগতে কোকৰাঝাৰ প্ৰেছ ক্লাৱত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বিতৰ্কিত সিদ্ধান্তক কঠোৰ ভাষাৰে গৰিহণা দি উক্ত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে যোৱা ১৯ মে’ৰ পৰা প্ৰাথমিক শিক্ষাৰ ডিপ্ল’মা পাঠ্যক্ৰম চমুকৈ ডি ইএল ইডি( D.El.Ed)ৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা আৰম্ভ হৈছিল। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা মৰ্মে কোকৰাঝাৰ বিএড কলেজৰ শিক্ষক পৰীক্ষাৰ্থীসকলক জিলাখনৰে ফকিৰাগ্ৰাম কলেজত, কোকৰাঝাৰ ডায়েটৰ পৰীক্ষাৰ্থীসকলক বিএড কলেজত আৰু বিএড কলেজৰ পৰীক্ষাৰ্থীসকলক ফকিৰাগ্ৰাম কলেজত পৰীক্ষা দিবলৈ নিদেৰ্শনা দিয়ে।