মোৰাঝাৰঃ বৃহত্তৰ নাগালিমৰ বাবে অসমৰ মাটি গতাই দিবলৈ চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হোজাই জিলা সমিতিয়ে আজি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
অসমৰ দহ খন জিলাৰ লগতে মনিপুৰ আৰু অৰুণাচল প্ৰদেশৰ প্ৰায় ১ লাখ ৩ হাজাৰ বৰ্গ কিলোমিটাৰ ভূমি বৃহত্তৰ নাগালিমক দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ দুই শতাধিক সদস্যই আজি শংকৰদেৱনগৰস্থ হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত প্ৰতিবাদী কাৰ্যসূচী কৰাৰ সময়ছোৱাত বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।