নগাঁওঃ নগাঁও জিলাৰ জাজৰি যোৱা ১ জুলাইত বগৰিগুৰিত এগৰাকী ৭ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। আজি ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবীত ৰাজপথলৈ ওলাই আহে বগৰিগুৰি অঞ্চলৰ শ শ মহিলা।
সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত তথা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা আৰু জাজৰি বগৰিগুৰি অঞ্চলৰ ৰাইজৰ সহযোগত ওলাই অহা মহিলাসকলে সমদল কৰি মহিলাসকলে ধৰ্ষণকাৰী পংকজ হীৰাক ফাঁচি দিয়ক, বিচাৰ প্ৰক্ৰিয়া শেষ নোহোৱালৈকে দোষীক ন্যায়িক জিন্মাত ৰাখক, সমগ্ৰ ঘটনা ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰক আদি শ্ল’গানেৰে জাজৰিৰ আকাশ বতাহ কঁপাই তোলে।