বালিপৰাঃ ৰঙাপৰাত উঠিল শক্তি মন্ত্ৰী মুৰ্দাবাদ, শক্তিমন্ত্ৰী পল্লব লোচন দাসৰ বিৰুদ্ধে গবেক ধ্বনি। বিগত দুমাহ ধৰি বিদ্যুৎ সংযোগ কৰ্তন হৈ থকাৰ ক্ষোভত আজি চাহ শ্ৰমিকে উত্তাল কৰে শোণিতপুৰৰ ৰঙাপৰাৰ কলনি চাহ বাগিচা।
যি সময়ত চৰকাৰে দেশৰ জনতাক “ডিজিটেল ইণ্ডিয়াৰ” সপোন দেখুৱাই অাছে সেইসময়তে ৰঙাপৰাৰ গাতে লাগি থকা চতিয়া সমষ্টিৰ অন্তৰ্গত কলনিচাহ বাগিচাত দুমাহ ধৰি ব্যাহত হৈ অাছে বিদ্যুৎ সংযোগ ব্যবস্থা । ফলত দুৰ্ভোগ ভুগিছে বাগিচাখনৰ শ্ৰমিক-কৰ্মচাৰীসকলে।