গৰৈমাৰীঃ ব্যৱসায় প্ৰতিষ্ঠান এৰি ধৰ্ণা দিবলৈ আহিল ব্যৱসায়ী৷ দক্ষিণ কামৰূপৰ ছয়গাৱৰ গৰৈমাৰী বজাৰৰ ব্যৱসায়ীয়ে আজি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ গৰৈমাৰী বজাৰৰ মোবাইল দোকান কিছু দিনৰ মূৰে মূৰে চুৰি কাণ্ড সংঘটিত হৈ আহিছে৷
শনিবাৰে নিশা পুনৰাই গৰৈমাৰী বজাৰৰ দুখনকৈ মোবাইল দোকানত চোৰে চাফাই অভিযান চলাই কেইবা লক্ষাধিক টকা মূল্যৰ মোবাইল চুৰি কৰি নিয়ে। মোবাইল দোকানৰ স্বত্বাধিকাৰী আলি হুছেইন আৰু জিয়াৰুল হকৰ মোবাইল দোকানৰ ওপৰৰ টিন খুলি চিলিঙেৰে প্ৰৱেশ কৰি লুটপাত চলায়।