ৰঙিয়া/তুলসীবাৰীঃ বিদ্যুৎ বিভাগত বিল আদায়ৰ নামত চলিছে ছিণ্ডিকেট ৰাজ। বিদ্যুৎ বিল আদায়ৰ ক্ষেত্রত এনজিঅ’ই ৰঙিয়াত চলাইছে ছিণ্ডিকেটৰাজ। এই অভিযোগ আমাৰ নহয়৷ ৰঙিয়াৰ বিদ্যুৎ সংমণ্ডলৰ গ্ৰাহকে উত্থাপন কৰিছে এই অভিযোগ৷

অাজি ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰীত বিদ্যুৎ বিলৰ ক্ষেত্রত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰি প্ৰায় ৫০০ বিদ্যুৎ গ্ৰাহকে বিদ্যুৎ বিভাগৰ বিৰুদ্ধ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যুৎ বিভাগত বিল আদায়ৰ নামত ছিণ্ডিকেট ৰাজ চলা বুলি অভিযোগ কৰে।

আজি তুলসীবাৰী বজাৰত বিদ্যুৎ বিল আদায়ৰ বাবে উপস্থিত হোৱা এনজিঅ’ৰ কৰ্মচাৰীৰক গ্ৰাহকে আৱদ্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগ মূৰ্দাবাদ, ছিণ্ডিকেটৰাজ বন্ধ কৰক, বিদ্যুৎ যোগান নিয়মীয়া কৰক, এনজিঅ’ গ’ বেক, অসম চৰকাৰ হায় হায় আদি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে।

গ্ৰাহকসকলৰ অভিযোগ অনুসৰি এনজিঅ’ই বিদ্যুৎ বিল আদায়ৰ নামত পূৰ্বে আদায় দিয়া বিল নতুন বিলত পুনৰ সংযোজন কৰি গ্ৰাহকৰ পৰা আদায় কৰি ছিণ্ডিকেটৰাজ চলাই আহিছে। গ্ৰাহকৰ বিদ্যুতৰ মিটাৰসমূহ বিকল হোৱা বুলি কৈ ৯০ শতাংশ গ্ৰাহকৰ পৰা ফিক্সড বিল ৩ গুণ বেছিকৈ আদায় কৰা বুলিও এনজিঅ’ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে গ্ৰাহকসকলে।

ব্যাক্তিগত খণ্ডক বিল আদায়ৰ দায়িত্ব দি বিদ্যুৎ বিভাগে ছিণ্ডিকেট ৰাজ চলোৱা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে। বিদ্যুৎ বিল আদায়ৰ ক্ষেত্রত এনজিঅ’ক বিল আদায় নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ তুলসীবাৰী অঞ্চলৰ প্ৰায় ১০০০ গ্ৰাহকে। গ্ৰাহকে প্ৰতিবাদ কৰাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো এনজিঅ’ৰ কৰ্মচাৰীয়ে বাতৰি সংগ্ৰহত বাধ প্ৰদান কৰে। আনহাতে সাংবাদিকক দেখি মুখ ঢাকি পলায়ন কৰে এনজিঅ’ৰ কৰ্মচাৰী।