চাবুৱাঃ তিনিচুকীয়া মহাবিদ্যালয় অধ্যক্ষ ড০ ভূৱন গগৈৰ অসামাজিক আচৰণৰ প্ৰতিবাদত আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ তিনিচুকীয়া আঞ্চলিক সমিতিয়ে তিনিচুকীয়া মহাবিদ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখযোগ্য যে, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক পলিন্দ বড়া আৰু তিনিচুকীয়া আঞ্চলিক সমিতিৰ সভাপতি সত্যজিৎ দুৱাৰাই ২০ জুনৰ আবেলি ৩ বজাত তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূৱন গগৈক সাক্ষাৎ কৰি এখন আবেদন পত্ৰ প্ৰদান কৰিবলৈ গৈছিল।