হোজাইঃ যোৱা ৩১ মে’ত হোজাই জিলাৰ যমুনামুখ আৰক্ষী থানাৰ অন্তৰ্গত চাংজুৰাই ইলিয়াছি দেউবৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক এটা দলে ধৰ্ষণ কৰাৰ পাছত হত্যা কৰি শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ কপিলী নৈত উটুৱাই দিয়াৰ ঘটনাৰ প্ৰতিবাদ আজিও অব্যাহত আছে৷
আজি যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় সহস্ৰাধিক লোকৰ সহযোগত শিক্ষয়িত্ৰী বৰাৰ ধৰ্ষণ-হত্যাৰ লগত জড়িতক শীঘ্ৰে কাৰয়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনায় ৷ ইপিনে, আজি যমুনামুখ সমষ্টিৰ মহিলা কংগ্ৰেছৰ এটা দল যমুনামুখ আৰক্ষী থানাত উপস্থিত হৈ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷