নাৰায়নপুৰঃ সম্প্ৰতি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ অতন্দ্ৰ প্ৰহৰী সাংবাদিক সকলৰ সুৰক্ষা যেন দিনক দিনে নাইকিয়া হৈ আহিছে। লংকেশ্বৰ হত্যাকাণ্ডৰ ঢৌ মাৰ নৌযাওঁতেই এইবাৰ বলি হ’ব লগা হ’ল ত্ৰিপুৰাৰ “দিন ৰাত” নামৰ টিভি চেনেলটোত কৰ্মৰত শান্তনু ভৌমিক নামৰ সাংবাদিক গৰাকী৷
যোৱা ২০ ছেপ্টেম্বৰ তাৰিখে ত্ৰিপুৰাত হোৱা শান্তনু ভৌমিকৰ হত্যাৰ হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ লগতে পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত ঢলপুৰ প্ৰেছ ক্লাৱে ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী পালন কৰে৷