ঢেকীয়াজুলিঃ অসম চৰকাৰ মুৰ্দাবাদ, জলসম্পদ বিভাগ হুছিয়াৰ, মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ’ল ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়৷ শোনিতপুৰৰ মিছামাৰীৰ বঙালগাঁও বাসীয়ে আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ নেতৃ্ত্বত গাভৰু নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবীত উত্তাল কৰ তুলিলে ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়৷
আজি তিনি শতাধিক গাভৰু নৈৰ খহনীয়াত আক্ৰান্ত লোকে ঠেলামৰাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত সমদল কৰি আহি ঠেলামৰা ৰাজহ চক্ৰ কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল কৰি তোলে৷