নলবাৰীঃ নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কামৰূপ জিলা সংযোগী নলবাৰী মৰোৱা-কমলপুৰ পথৰ দুৰাৱস্থাৰ বাতৰি ইতিমধ্যে কেইবাবাৰো প্ৰচাৰিত হোৱাৰ পাছতো গা নলৰা গড়কাপ্তানী বিভাগটোৰ প্ৰতি ৰাইজৰ তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে৷
দেহাৰকুছি চ’কত সৃষ্টি হোৱা প্ৰকাণ্ড পুখুৰীসদৃশ গাঁতটোৰ বাবে এতিয়া প্ৰতিদিন যাতায়ত কৰা শ শ যাত্ৰী আৰু যান-বাহন দুৰ্ঘটনাত পতিত হ’বলগীয়াত পৰিছে৷ যাৰ বাবে আজি আঞ্চলটোৰ ৰাইজে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বিৰুদ্ধে পথৰ মাজত ভুঁই ৰুই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷