গোৰেশ্বৰঃ অসমক দ্বিখণ্ডিত কৰিবলৈ ওলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অবড়ো সুৰক্ষা সমিতি, অসমে। বাগছা জিলাৰ গোৰেশ্বৰত গোৰেশ্বৰ ৰাজহ চক্ৰ অবড়ো সুৰক্ষা সমিতিয়ে আজি এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।
বিটিএডিৰ পৰা অবড়ো গাওঁসমূহ কৰ্তন তথা আৰু পৃথক ৰাজ্য স্থাপনৰ বিৰোধিতাৰে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এই অৱস্থান ধৰ্মঘট পালন কৰে। সংগঠনটোৰ শীৰ্ষ নেতা যোগেশ্বৰ কলিতাই এক বিবৃতিত প্ৰকাশ কৰে যে বিপিএফ নেতাৰ ধনেৰে এবছুই পৃথক বড়োৰাজ্যৰ বাবে সংগ্ৰাম আৰু সভা সমিতি কৰি আহিছে।