50
শুক্লাইঃ অসম গৌৰৱ সীমা সুবেদী। ২০১৬ চনত মিচেছ এচিয়া বঁটা লাভ কৰি দেশৰ লগতে অসমৰো নাম আন্তঃৰাষ্ট্ৰীয় পয্যায়ত জিলিকাবলৈ সক্ষম হৈছিল সীমাই।
বিটিএডিৰ বাগছা জিলাৰ অতিকৈ অনগ্ৰসৰ ভূটান সীমান্ত সুৱাগপুৰ সীমা সুবেদীৰ জন্মস্থান। বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও সীমাৰ সাফল্যৰ বাবে ২০১৬ চনৰ ১৮ জুনত পাঁচলাখ টকা দি সীমাক সম্বর্ধনা জনাইছিল। বি টি চি প্ৰধানৰ লগতে বি টি চিৰ বিভিন্ন দল-সংগঠনেও তেওঁক উস্ম আদৰণি জনাইছিল।