মুছলপুৰঃ যোগী আদিত্য নাথ মুৰ্দাবাদ ধ্বনিৰে উত্তাল বাগছাৰ বাঁহবাৰী৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বাহঁবাৰীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতিকৃতি দাহ কৰি আদিবাসী ছাত্ৰ সন্থাই উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।
আদিত্যনাথ মুৰ্দাবাদ, আদিত্যনাথক গ্ৰেপ্তাৰ কৰক ধ্বনিৰে উত্তাল প্ৰতিবাদ কৰে সংগঠটোৱে। ছ’চিয়েল মিডিয়াযোগে বিৰোধী কংগ্ৰেছৰ বদনাম গাবলৈ গৈ অসমৰ যুৱতীৰ ফটো জালিয়াতি কৰাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে আজি এনেদৰে সৰৱ হৈ পৰে আদিবাসী ছাত্ৰ সংগঠনটো৷