ডিজিটেল ৰিপ’ৰ্টঃ সাংবাদিক শান্তনু ভৌমিকক হত্যাৰ পিছৰে পৰা উত্তেজনা অব্যাহত আছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত৷ ত্ৰিপুৰাৰ কেবাটাও দল-সংগঠনে বুধবাৰে নিশা ৰাজ পথলৈ ওলাই আহে৷ আনহাতে বৃহস্পতিবাৰে পুৱা ১১ বজাত আগৰতলা প্ৰেছ ক্লাব আৰু ৱাৰ্কিং জাৰ্ণেলিষ্ট এছোছিয়েচনে ত্ৰিপুৰা চহৰত মৌন সমদল কৰি ঘটনাৰ প্ৰতিবাদ জনায়৷ মৌন সমদলত অংশ গ্ৰহণ কৰা সাংবাদিকসকলে সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনায়৷
সাংবাদিসকলে নিহত সাংবাদিক শান্তনু ভৌমিকৰ মৃতদেহ বহু পলমকৈ উদ্ধাৰ কৰা বুলিও অভিযোগ কৰে প্ৰশাসনৰ বিৰুদ্ধে৷ ইপিনে চৰকাৰে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি আগৰতলাত ১৪৪ ধাৰা জাৰি কৰিছে৷ মোবাইল সেৱাৰ লগতে আগৰতলা চহৰত ইন্টাৰনেট সেৱাও সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়৷ পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱাৰ সন্দেহ কৰি পিছত ৰাজ্য প্ৰশাসনে আগৰতলাৰ সৈতে সংপৃক্ত হৈ থকা আন দুখন জিলাতো ১৪৪ ধাৰা জাৰি কৰাৰ উপৰিও মোবাইল আৰু ইন্টাৰনেট সেৱা বন্ধ কৰে৷