newsnextone.com | চাবুৱাঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বুধবাৰে অসম গণ পৰিষদ দলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ অগপৰ আহ্বানত কেইবাহাজাৰ লোকে ৰাজপথলৈ ওলাই আহে৷
হাতে হাতে জোঁৰ লৈ ৰাজপথলৈ ওলাই অহা লোকসকলে অগপ জিন্দাবাদ, বিজেপি মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে শ্ল’গান দিয়ে৷ ডিব্ৰুগড় জিলাৰ বিজেপিৰ ভেটি কপাই চাবুৱাত অসম গণ পৰিষদৰ আহ্বানত ওলাই অহা হাজাৰ হাজাৰ লোকে কোনো কাৰণত বিধেয়ক গৃহিত কৰিব নিদিয়াৰ হুংকাৰ দিয়ে৷ কেইবাগৰাকী অগপৰ জিলা পৰ্যায়ৰ আৰু কেন্দ্ৰীয় নেতাই প্ৰতিবাদত অংশ লৈ বিজেপিক তীব্ৰ সমালোচনা কৰে৷ বিজেপিয়ে অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰা বুলি কয়৷ বিজেপিৰ দখলত থকা সমষ্টিটোত এনেদৰে অগপৰ নেতৃত্বত মানুহ ওলাই অহা কাৰ্যই চৰ্চাও লাভ কৰে৷