শিৱসাগৰঃ বুধবাৰে পুৱাৰ ভাগত চি পি আই দলৰ কৰ্মী সকলে বিক্ষোভ প্রদৰ্শনেৰে উত্তাল কৰি তোলে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত৷ ৰাজ্যৰ বিভিন্ন সমস্যা সমাধানৰ বাবে প্রতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে দলটোৰ নেতা-কৰ্মী সকলে৷ উল্লেখ্য যে বিগত সময়ছোৱাত হোৱা বিভিন্ন সমস্যা সমাধানত চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহন নকৰাৰ ফলত চি পি আই য়ে ১০ দফীয়া দাবী সম্বলিত বিষয়ৰ ওপৰত বিক্ষোভ পদৰ্শন কৰি ৰাজ্য চৰকাৰক শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি পত্ৰ প্রেৰণ কৰে৷
উক্ত পত্রত উল্লেখিত দাবী সমূহৰ ভিতৰত ৰাষ্ট্রীয় নাগৰিক পঞ্জী উন্নীত কৰণৰ সময় সীমা নিৰ্ধাৰণ, নগালেণ্ড ফোমৱৰ্ক চুক্তি ৰাজহুৱা কৰা , এখন শুদ্ধ এন আৰ চি প্রস্তুত কৰণ, অখিল গগৈক মুক্তি দিয়াকে আদি কৰি ১০ টা গুৰুত্ব পূৰ্ণ বিষয়ক লৈ বিক্ষোভ প্রদৰ্শন কৰে শিৱসাগৰ জিলাৰ চিপি আইৰ কৰ্মী সকলে৷