কোকৰাঝাৰঃ এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ দুমাহ অতিক্ৰম কৰাৰ পিছতো হত্যাকাৰীৰ শুংসুত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দই ক্ষুব্ধ হৈ এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে৷
আজি প্ৰেৰণ কৰা এক বিবৃতিযোগে ছাত্ৰ সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি আলি আজম সেখে হত্যাকাণ্ডই দুমাহ অতিক্ৰম কৰাৰ পিছত অদ্যপি হত্যাকাৰী কৰায়ত্ব নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ লগতে এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী কৰায়ত্ব নোহোৱালৈকে আন্দোলন অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে৷