বিহালীঃ মঙলবাৰে বিহালীৰ ৰাজ পথত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মু্ক্তি সংগ্ৰাম সমিতিয়ে৷ বিহালীৰ বৰগাঙত গুৱাহাটী মহানগৰীৰ আমচাং অভয়াৰণ্যৰ উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
জাতি, মাটি, ভেঁটি ৰক্ষাৰ্থে গঠিত খিলঞ্জীয়াৰ চৰকাৰ খনে থলুৱাক উচ্ছেদ কৰাৰ লগতে উচ্ছেদৰ বিৰোধ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বেদান্ত লস্কৰ, ছাত্ৰ মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰক অগনতান্ত্ৰিকভাবে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বৰগাঙত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে সংগঠন দুটাই৷ খিলঞ্জীয়াক উচ্ছেদ কৰা চৰকাৰে নিৰ্বাচনৰ বৰ বৰ কথা কৈছিল বুলি অভিযোগ উত্থাপন কৰে৷