বোকাজানঃ ধূলি আৰু দুৰ্গন্ধৰ প্ৰকোপত মানুহ ওলাব নোৱাৰা পৰিৱেশ৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে মানুহ ৷ তথাপিও কানসাৰ নাই প্ৰশাসনৰ ৷ ভাৰতীয় বিলাতী মাটি নিগমৰ অন্তৰ্গত বোকাজান বিলাতী মাটি কাৰখানাৰ পৰা অহৰহ নিৰ্গত হৈ থকা ধূলিয়ে বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকক ৰোগত আক্ৰান্ত কৰিছে যদিও নিমাত প্ৰশাসন ৷ স্বাস্থ্য, সা-সম্পত্তি, জীৱ-জন্তু, কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে বিলাতী মাটি কাৰখানাটোৱে ৷
জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰা কাৰখানাটোৰ পৰা নিৰ্গত হোৱা ধূলি প্ৰদূষণ ৰোধ কৰা, ডিলাইৰ কুৱেৰী সংযোগী পথটোৰ নিৰ্মাণ কাৰ্য সোনকালে সমাপ্ত কৰা, কাৰখানাৰ উদ্যোগত বোকাজান অঞ্চলত সামাজিক তথা উন্নয়ণমূলক কাম কৰা, কাৰখানাটোৰ ১২০০ মেট্ৰিকটন চিমেণ্ট উৎপাদনৰ দ্বিতীয়টো সম্প্ৰসাৰণৰ কাম খৰতকীয়া কৰা, কাৰখানাৰ অধীনস্থ কেন্দ্ৰীয় বিদ্যালয়খন মৃতপ্ৰায় অৱস্থাৰ পৰা উদ্ধাৰ কৰি পুনৰ সক্ৰিয় কৰা আদিৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতি আৰু কাৰ্বি ছাত্ৰ সন্থাৰ বোকাজান জিলা সমিতিৰ উদ্যোগত তথা এছৱাইচি, আইচা আদি ছাত্ৰ সংগঠনৰ সহযোগত বোকাজান বিলাতী মাটি কাৰখানাৰ প্ৰবেশদ্বাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷