চাবুৱাঃ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তথা চৰকীৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে আজি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে ডিব্ৰুগড় জিলাৰ চাবুৱা বালিজান চাইডিংঙত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে।

জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱাত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে ৰাজপথলৈ ওলাই আহে৷

প্ৰতিকৃতি দাহ কাৰ্যসুচীত উপস্থিত থাকি মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই ছয় জনগোষ্ঠীক জনজাতি কৰণৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে।

জনজাতি কৰণৰ নামত নিকৃষ্ট ৰাজনীতি কৰি অহা চৰকাৰখনক আগন্তুক দিনত এসেকা দিবলৈ গণ আন্দোলন গঢ়ি তুলিব বুলিও ভাবুকি প্ৰদান কৰে বৰুৱাই।

সংগঠনটোৱে অসমৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গৰিহণা দিয়াৰ লগতে ড০ ৰাতুল সংস্কৃতায়ন মজুমদাৰৰ প্ৰতিকৃতি দাহ কৰে৷ অসমৰ ইতিসাহ নজনা তথা অসম বুৰজ্ঞী অধ্যয়ন নকৰাকৈ মটক ৰজা সৰ্বানন্দ সিংহই অসমলৈ মান আনিছিল বুলি নৱম শ্ৰেণী সমাজ বিজ্ঞানৰ পাঠ্যপুথিত প্ৰকাশ কৰাত সংগঠনটোৱে ক্ষোভ ব্যক্ত কৰি ৰাতুল সংস্কৃতায়ন মজুমদাৰৰ প্ৰতিকৃতি দাহ কৰে৷