দিল্লীঃ কৃষকৰ সমস্যা নেতা তথা ৰাজ্যৰ প্ৰতিটো সমস্যা, চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মাতি অহা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত প্ৰতিবাদ আজিও অব্যাহত আছে৷ ডিব্ৰুগড় জিলা আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা ১৪ দিন পুৰ্বে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ৰাজ্যজুৰি একাংশ সংগঠনে উত্তাল প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে এই অখিলৰ মুক্তিৰ দাবীত উত্তাল হ’ল দেশৰ ৰাজধানী দিল্লী৷
ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা অখিলক মুক্তি দিয়াৰ দাবীত বিভিন্ন সংগঠনে প্ৰতিবাদ জনাই অহাৰ সময়তে সোমবাৰে ডিব্ৰুগড়ৰ আদালতৰ ভিতৰতে গৃহ বিভাগে অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি পুনৰ আটক কৰে অখিলক৷ ৰাষ্ট্ৰদ্ৰোহ তথা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধিনত গ্ৰেপ্তাৰ কৰা অখিলক মুক্তিৰ দাবীত বৃহস্পতিবাৰে দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কেবাশতাধিক লোকে৷