70
গোৰেশ্বৰঃ ৰাজ্যত আজিও অব্যাহত আছে লাফিকুল হত্যাৰ প্ৰতিবাদ৷ কোকৰাঝাৰত দিন দুপৰতে সংখ্যালঘু নেতা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক গুলীয়াই হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। হত্যাকাৰীক আটক কৰিব নোৱাৰাত বিটিএডিৰ দল-সংগঠন ক্ষোভিত হৈ পৰে৷
আজি সন্ধিয়া ৭ বজাত বাক্সা জিলাৰ গোৰেশ্বৰ চহৰত লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা আৰু তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰ দাবীত এক বিশাল জোঁৰ সমদল উলিয়াই কেইবাটাও দল-সংগঠনে।